TEKST PIOSENKI ETIAU HARE AASUW WYKONANIU ZUBEEN GARG
এতিয়া সাৰে আছোঁ মই
ধুসৰ প্ৰভাতৰ ক্ষণ গনি
ধুমুহাৰ নিশাই আজিও
বাৰে বাৰে দিয়েহি আমনি
কাষত স্মৃতিৰ অলেখ সমাধি
হৃদয়ৰ হাহাঁকাৰ
কিদৰে শুনাও মই এই পৃথিৱীক
মৃত্যুৰ সিপাৰে
আছা জানো তুমি
একেখন হৃদয় লৈ
আছা জানো তুমি
ওঁঠত একেটি হাহিঁ
পামনে আকৌ বিচাৰি
এতিয়া নাই সময়
দুহাতত ফুল লৈ
আহিবা যাচিবলৈ
শেষ মৰম
এতিয়া সাৰে আছোঁ মই
ধুসৰ প্ৰভাতৰ ক্ষণ গনি
ধুমুহাৰ নিশাই আজিও
বাৰে বাৰে দিয়েহি আমনি
কাষত স্মৃতিৰ অলেখ সমাধি
হৃদয়ৰ হাহাঁকাৰ
অশ্ৰু শীতল বৰ
সহিব নোৱাৰি
দুচকুত এন্ধাৰ আৰু
সিঁচিব নোৱাৰি
বুকুত উঠলি আছে
দুখৰ দৰে ক'লা তেজ
এতিয়া মই যেন
কৰ'বাত দূৰণিত
আছো ৰৈ তোমালে
অকলশৰে.
এতিয়া সাৰে আছোঁ মই
ধুসৰ প্ৰভাতৰ ক্ষণ গনি
ধুমুহাৰ নিশাই আজিও
বাৰে বাৰে দিয়েহি আমনি
কাষত স্মৃতিৰ অলেখ সমাধি
হৃদয়ৰ হাহাঁকাৰ
হৃদয়ৰ হাহাঁকাৰ
কিদৰে শুনাও মই এই পৃথিৱীক
//= $file_data['id'] ?>//= $file_data['id'] ?>
NAJNOWSZE ALBUMY ZUBEEN GARG (38)
- Pokaż wszystkie