TEKST PIOSENKI UMI UMI JWOLEW WYKONANIU ZUBEEN GARG
উমি উমি জ্বলালেহি
বুকু জুৰি কামনাৰে জুই
তোমাৰ কোমল পৰষে
দহি দহি পুৰি নিয়ে
দেহা মন তোলে উতলাই
তোমাৰ নিবিড় মৰমে
হেঁপাহে ভৰা এই লগন
দুয়োতে মগন
হেঁপাহে ভৰা এই লগন
দুয়োতে মগন
তুমি দিলা মৰমৰ
মিঠা মিঠা চুমা আঁকি
মৰমৰে এই ৰাতি
চাটি-ফুটি মন হ'ল অবুজন
দেহাত আজি কিহৰেনো আমনি
তুলিলে হিয়াত সুৰীয়া মাতে
প্ৰেমৰ এই মধুৰ ৰাগিনী
তুমি দিলাহি দুটি নয়নত
যৌৱনৰে আশা আকলুৱা
সেউজীয়া মন কৰিলা মগন
... মৰম ...
তুমি দিয়া এই মৰম
বুকুৰে উমেৰে ল'ম আদৰি
তুমি মোৰ জীৱন লগৰী
সকলো পাহৰি
মৰমৰে লুকা ভাকু
খেলোঁ আমি মিলি জুলি
মৰমে তোমাৰ তুলিলে জোৱাৰ
হিয়াৰে দুটি পাৰ উপচাই
আশা যদি যায় সপোনো হেৰাই
দিবানে হিঁয়াতে মৰমৰ ঠাই
হৃদয়ৰে নৈ গভীৰলে বয়
আহিছে বাৰিষাৰ ঢল লৈ
বুকুখনি হৈ জুৰি শিলাময়
পানীৰে বোৱাই মৰমৰ নৈ
তুমি দিয়া এই মৰম
বুকুৰে উমেৰে ল'ম আদৰি
তুমি মোৰ জীৱন লগৰী
সকলোকে এৰি থৈ
প্ৰেমৰে নদীয়েদি
দুয়ো যাম উটি ভাহিঁ
উমি উমি জ্বলালেহি
বুকু জুৰি কামনাৰে জুই
তোমাৰ কোমল পৰষে
দহি দহি পুৰি নিয়ে
দেহা মন তোলে উতলাই
তোমাৰ নিবিড় মৰমে
হেঁপাহে ভৰা এই লগন
দুয়োতে মগন
হেঁপাহে ভৰা এই লগন
দুয়োতে মগন
তুমি দিলা মৰমৰ
মিঠা মিঠা চুমা আঁকি
মৰমৰে এই ৰাতি
NAJNOWSZE ALBUMY ZUBEEN GARG (38)
- Pokaż wszystkie